ভাল খবৰ! পহিলা ব’হাগতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা…

নিউজ ডেস্কঃ পহিলা ব’হাগতে অসম তথা উত্তৰ-পূববাসীয়ে লাভ কৰিব এটা ভাল খবৰ।

১৪ এপ্ৰিলত অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যাত্ৰা আৰম্ভ কৰিব উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ।

গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ বাবে প্ৰস্তুতিমূলক কাম আৰম্ভ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে।

এই তথ্য সদৰী কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই।

উল্লেখ্য যে, পহিলা ব’হাগত অসম চৰকাৰে গিনিজ বুকত অন্তৰ্ভূক্তিৰ লক্ষ্যৰে অনুষ্ঠিত কৰিবলগীয়া ১১ হাজাৰোধিক ঢুলীয়া-নাচনীৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীয়ে চাংসাৰি এইমছ উদ্বোধন কৰাৰো কথা।