ভাল খবৰ! জাতিৰ পিতা মহাত্মা গান্ধীক আমেৰিকাৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদানৰ প্ৰস্তাৱ…

দেশবাসীৰ বাবে এক ভাল খবৰ।

আমেৰিকাৰ সংসদত ভাৰতবাসীৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমেৰিকাৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান প্ৰদানৰ প্ৰস্তাৱ উত্থাপন।

শান্তি আৰু অহিংসা নীতি বৃদ্ধি কৰাৰ উদ্দেশ্যেই মৰণোত্তৰ ভাৱে এই সৰ্বোচ্চ সন্মান প্ৰদানৰ পৰিকল্পনা।

১৩ আগষ্ট তাৰিখে আমেৰিকাৰ সংসদত এই প্ৰস্তাৱটি উত্থাপন কৰা হয়।

যদিহে সকলো সন্মতি হৈ উঠে তেন্তে মহাত্মা গান্ধী হব প্ৰথম গৰাকী ভাৰতীয় লেক, যিয়ে আমেৰিকাৰ সৰ্বোচ্চ নাগৰিক সন্মান লাভ কৰিব।

আনহাতে ইতিপূৰ্বে আমেৰিকাৰ এই বিশেষ সন্মান লাভ কৰা বিশেষ ব্যক্তি সকল হৈছে- জৰ্জ ৱাশ্বিংটন, নেলচন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, মাদাৰ টেৰেছা আৰু ৰোজা পাৰ্কছ।

Leave a Comment