অসম
ভাল খবৰ! চাকৰি নোপোৱা সকলৰ বাবে আৰু নতুন নতুন পদ ওলাবঃ মুখ্যমন্ত্ৰী…

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে ভাল খবৰ।
শেহতীয়াভাৱে তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত সফলতা নাহিলেও আৰু চিন্তা কৰিব নালাগে।
কিয়নো ৰাজ্যত পুনৰ ওলাব নতুন নতুন চাকৰি।
এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়- আকৌ নতুন নতুন চাকৰিৰ বিজ্ঞাপন ওলাব। অসমত নিবনুৱাৰ সংখ্যা কমি আহিছে। অসম এতিয়া প্ৰগতিৰ পথ গৈ আছে।
উল্লেখ্য যে, ২১ আৰু ২৮ আগষ্টত ৰাজ্যত ২৬হাজাৰ পদৰ বাবে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থীৰ মাজত সুকলমে অনুষ্ঠিত হয় নিযুক্তি পৰীক্ষা।