fbpx
অসমীয়াঅসম

ভাল খবৰ! কোকৰাঝাৰৰ পৰা চিৰাঙৰ মাজেৰে ভূটানলৈ নিৰ্মাণ হ’ল ৰে’লপথ, জৰীপ আৰম্ভ কৰিছে বিশেষজ্ঞৰ দলে…

নিউজ ডেস্কঃ যাতায়ত ব্যৱস্থা অধিক সূচল কৰাৰ লক্ষ্যৰে অতি শীঘ্ৰে কোকৰাঝাৰৰ পৰা চিৰাঙৰ মাজেৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেকফুলৈকে নিৰ্মাণ কৰা হ’ব ৰে’লপথ।

ইতিমধ্যে বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িছে এই প্ৰস্তাৱিত ৰে’ল সংযোগ। সমান্তৰালভাৱে নতুন ৰে’লপথৰ জৰীপৰ কাম আৰম্ভ কৰিছে ভাৰতীয় ৰে’ল বিভাগে।

সোমবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৰ আলিপুৰদুৱাৰৰ মাণ্ডলিক প্রৱন্ধক দিলীপ কুমাৰ সিঙৰ নেতৃত্বত বিশেষজ্ঞৰ এটা দলে পৰিদৰ্শন কৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকা।

আলিপুৰদুৱাৰৰ মাণ্ডলিক প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰা মতে, কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেকফুলৈ নিৰ্মাণ হ’বলগীয়া ৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথত থাকিব মুঠ ৬টা ষ্টেছন।

ইয়াৰে এটা ষ্টেচন ভূটানৰ গেলেকফু চহৰত হ’ব আৰু বাকী পাঁচটা কোকৰাঝাৰ আৰু চিৰাং জিলাত হ’ব বুলি ৰে’ল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে ৰেল বিভাগৰ দলটোৱে সোমবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ উপৰি ভূটানতো ৰে’লপথৰ জৰীপৰ কাম-কাজৰ বুজ লয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!