Skip to toolbar
Sun. Sep 20th, 2020

বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

কৰ’ণাই ইতিমধ্যে বিধ্বস্ত কৰি পেলাইছে একো একোখন দেশ তথা অৰ্থনীতি।

প্ৰতিদিনে ভাৰততো ব্যাপক হাৰত বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আহিছে এক ভাল খবৰ।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী অহা মাহৰ ভিতৰত বিশ্ববাসীয়ে লাভ কৰিব মহামাৰী কৰ’ণাৰ ভেকচিন।

অহা ৩-৪ সপ্তাহৰ ভিতৰত বজাৰলৈ আহিব আমেৰিকান ক’ভিড ভেকচিন।

উল্লেখ্য যে, কৰ’ণাৰ ভেকচিনক লৈ বিশ্বজুৰি বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা চলাই আছে যদিও এটা সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই।

ট্ৰাম্পে কয়- ‘অন্তিম পৰ্যায়ত আছে কৰ’ণা ভেকচিনৰ পৰীক্ষা আৰু সফল হ’লে মাৰ্কিন বিজ্ঞানীয়ে বিশ্ববাসীৰ বাবে উলিয়াই দিব ক’ৰোনা প্ৰতিৰোধী ভেকচিন।’