নিউজ ডেস্কঃ বিহুৰ বতৰত অসমবাসীলৈ ভাল খবৰ।
এতিয়াৰে পৰা অসমীয়া ভাষাতো অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰীক্ষা।
এই কথা সদৰী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
গৃহমন্ত্ৰীয়ে সদৰী কৰা মতে, ষ্টাফ বাছনি আয়োগে অনুষ্ঠিত কৰা চিএপিএফৰ কনিষ্টবল (জিজে) পৰীক্ষা অনুষ্ঠিত হ’ব ১৩টা আঞ্চলিক ভাষাত।
পূৰ্বে এই পৰীক্ষা অনুষ্ঠিত হৈছিল কেৱল হিন্দী আৰু ইংৰাজী ভাষাত।
স্থানীয় যুৱক-যুৱতীৰ অধিক অংশগ্ৰহণ আৰু নিয়োগ বৃদ্ধিৰ বাবে পৰীক্ষা আঞ্চলিক ভাষাতো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে অমিত শ্বাহে।
২০২৪ৰ পহিলা জানুৱাৰীৰ পৰা ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কনিষ্টবল (জিজে) পৰীক্ষা।
পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ভাষা কেইটাৰ ভিতৰত অসমীয়াৰ উপৰিও আছে বাংলা, গুজৰাটী, মাৰাঠী, মালায়লম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পঞ্জাৱী, মণিপুৰী আৰু কংকণী ভাষা।