
নিউজ ডেস্কঃ অহা ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি প্ৰদানৰ লক্ষ্য।
সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ইতিমধ্যে চৰকাৰে ৮০ হাজাৰ নিযুক্তি প্ৰদান কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
জানুৱাৰীত পুনৰ ১০ হাজাৰ খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।
আগন্তুক ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ১ লাখ চাকৰিৰ নিযুক্তি।
উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এক লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই।