fbpx
অসম

ভাল খবৰ! অসম জীয়ৰী বিনীতা দেৱীলৈ ‘ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষক বঁটা ২০২২’

অসমবাসীৰ বাবে এক ভাল খবৰ।

অসম জীয়ৰী বিনীতা দেৱীলৈ ‘ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষক বঁটা ২০২২’।

ৰাজস্থানৰ নোখাৰ মুকামত ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্য্যসূচীৰে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা অনুষ্ঠিত হয় ‘তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩’।

উক্ত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী সকলৰ সমাৰোহ অনুষ্ঠিত হৈছে।

এই সমাৰোহৰ ‘তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩’ত ‘ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২’ৰ সন্মান লাভ কৰে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে।

image 54

পুতলা নাচৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়টো শিক্ষাৰ্থী সকলে সহজ ভাবে বুজি পোৱা এক মাধ্যম হিচাপে গঢ়া বাবে বিনীতা দেৱীক এই বঁটা প্ৰদান কৰা হৈছে।

উল্লেখ্য য্, ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠান বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যাল়সমূহত প্ৰশিক্ষণ প্ৰদান কৰি শিক্ষাৰ্থীক উপকৃত কৰিছে বিনীতা দেৱীয়ে।

সেইহেতুকে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধ্যক্ষ তথা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড. চন্দ্ৰমোলী যোশী, ভাৰতৰ গণিতৰ গুৰু ড. বি. এণ ৰাও, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী তথা অভিযন্তা দিলীপ ভাট, বিজ্ঞানী চন্দ্ৰ মোহন নটিয়াল, গণিতজ্ঞ মোহন সিং, জাৰ্মানীৰ যুৱ বিজ্ঞানী নিশান্ত মালহোত্ৰা আৰু বহুজন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিজ্ঞানী আৰু পদ্মশ্ৰী, ভাৰত ৰত্ন, ভাৰত ভুষণেৰে সন্মানিত হোৱা বিজ্ঞানীয়ে বিনীতা দেৱীক এই বঁটা প্ৰদান কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!