ভাল খবৰ! অসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা…

অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এটা ভাল খবৰ।

শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান।

যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্তই লাভ কৰিছে ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটা।

যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক বঁটা৷ 

আনহাতে অসমৰ বাক্সাৰ বিনন্দ স্বৰ্গীয়াৰীৰেও লাভ কৰিছে এই সন্মান।

বিনন্দ স্বৰ্গীয়াৰী বাক্সা জিলাৰ তামুলপুৰ কে.বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক।

সৰ্বভাৰতীয় পৰ্যায়ত মুঠ  ৪৪ জন শিক্ষকলৈ আগবঢ়োৱা এই সন্মান।

ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুই দুই শিক্ষকক অভিনন্দন আৰু শুভেচ্ছা জনাইছে।

Leave a Comment