ভাল খবৰঃ আহি গ’ল মেলেৰীয়াৰ ভেকচিন! বিশ্ব স্বাস্থ্য সংস্থাই দিলে ভেকচিন প্ৰদানৰ অনুমোদন…

সমগ্ৰ বিশ্বক মেলেৰীয়ামুক্ত কৰাৰ উদ্দেশ্যে আগত লৈ বিশ্ব স্বাস্থ্য সন্থাই অনুমোদন জনালে প্ৰথমটো মেলেৰীয়া ৰোগৰ প্রতিষেধকত।

মেলেৰীয়াৰ ভেকচিনৰ সফল পৰীক্ষণ। আফ্ৰিকাত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে।

মহাদেশখনৰ প্ৰায় ৮ লাখৰো অধিক শিশুৰ ওপৰত ইয়াৰ সফল পৰাীক্ষণ সম্পন্ন হৈছে।

এই ভেকচিনৰ সফলভাৱে পৰীক্ষা সম্পন্ন হোৱাৰ পিছেত বিশ্ব স্বাস্থ্য সংস্থাইয়ো ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন জনাইছে।

৫মাহৰ ওপৰৰ শিশুক Intramuscular পদ্ধতি, যি পদ্ধতিত মাংসপেশীৰ ভিতৰলৈ বেজীৰে ঔষধ দিয়া হয়, তেনেদৰে ৪পালিকৈ এই ভেকচিন দিব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত এই ভেকচিনৰ বৈজ্ঞানিক চিহ্ন হৈছে RTS,S/ASO1 আৰু বাণিজ্যিক নাম Mosquirix।

৬ তাৰিখে বিশ্ব স্বাস্থ্য সন্থাৰ সচিব প্ৰধান(director-general) টেড্ৰছ আধানম ঘেবৰেছুছে (Tedros Adhanom Ghebreyesus) সংবাদ মেলযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় – “এক দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল; বিজ্ঞানৰ এই জয় যাত্ৰাই মেলেৰীয়া নিৰ্মূল কৰি হাজাৰ হাজাৰ শিশুৰ জীৱন বচাব।’

বিজ্ঞানীসকলে দাবী কৰা মতে, মেলেৰীয়াৰ সবাতোকৈ ভয়াৱহ পৰজীৱী Plasmodium falciparumকো প্ৰতিৰোধ কৰিব পাৰে এই প্ৰতিষেধকে।

সুদীৰ্ঘ চাৰি বছৰ ধৰি আফ্ৰিকা মহাদেশত কৰা পৰীক্ষণত এই প্ৰতিষেধক ১০জনৰ ৪ জনৰ ওপৰত ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছিল।

উল্লেখযোগ্য যে, এইটোৱেই প্ৰথম মেলেৰীয়া ভেকচিন যি European Medical Agencyৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰিছে।

ইতিমধ্যে আফ্ৰিকাৰ চাৰিখন দেশ ক্ৰমে ঘানা, কেনিয়া আৰু মালাৱিৰ ৮ লক্ষ শিশুক এই প্ৰতিষেধক প্ৰদান কৰি সুফল পোৱা গৈছে।

Leave a Comment