fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভনীজোঁৱাইৰ ঘৰত লুকুৱাই ৰাখিছিল নিষিদ্ধ ড্ৰাগছ! আৰক্ষীৰ অভিযানত নগদ ধনসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ ২ ভনীজোঁৱাই…

নিউজ ডেস্কঃ পশ্চিমবংগৰ মালদাহত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই দুজন লোকক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩৩ লাখৰো অধিক নগদ ধন।

ধৃত লোক দুজনৰ পৰিচয় জাচিমুদ্দিন আহমেদ আৰু ৰবিউল ইছলাম বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে এণ্টি নাৰ্কটিক ড্ৰাগছ এক্টৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, অভিযুক্ত দুয়োজন মালদাহৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজু ওৰফে ইব্ৰাহিমৰ ভনীজোঁৱাই।

কলিয়াচকৰ শ্ৰীৰামপুৰৰ নিৱাসী এইজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ বিগত সময়ত কেইবাবাৰো ফান্দ পাতিও বিফল হৈছিল আৰক্ষী।

image 26

ড্ৰাগছ ব্যৱসায়ী ৰাজুৱে ড্ৰাগছ আৰু নগদ ধন লুকুৱাই ৰাখিছিল ভনীজোঁৱাই জাচিমুদ্দিন আৰু ৰবিউলৰ ঘৰত।

শেহতীয়াকৈ আৰক্ষীয়ে এই বিষয়ে গোপন খবৰৰ জৰিয়তে জানিব পৰা কলিয়াচকত অভিযান চলাই দুয়োজন অভিযুক্তক আটক কৰাৰ লগতে উদ্ধাৰ কৰে নগদ ৩৩ লাখ ৩ হাজাৰ ১০০ টকা।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Back to top button