ভাগ্য! বিয়া খাবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱকে!

ভাগ্য! বিয়া খাবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱকে!

January 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আজব ঘটনা! বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ নিজেই দৰা হ’ল এজন যুৱক। এই আচৰিত ঘটনা সংঘটিত হ’ল কৰ্ণাটকাৰ চিকমগলুৰ জিলাত।

ঘটনাক্ৰমে এজন যুৱকে বিয়া খাবলৈ গৈ কইনাজনীকে জীৱন লগৰী কৰি ঘৰলৈ লৈ আনিলে।

জানিব পৰা মতে, স্থানীয় তাৰিকেৰে তালুকৰ এখন গাঁঁৱৰ বাসিন্দা তথা দুই ভাতৃ অশোক আৰু নৱীনৰ নাএকেদিনাই একেখন মণ্ডপতে বিয়া ঠিক হৈছিল।

সিন্ধু নামৰ এগৰাকী যুৱতীৰ লগত নৱীনৰ বিয়া ঠিক হৈছিল। বৰযাত্ৰীয়ে কইনাক আনিবলৈ যোৱাৰ কথা আছিল, কিন্তু হঠাতে নৱীনে প্ৰেমিকাক লৈ নিজৰ ঘৰৰ পৰা পলাই সন্ধানহীন হৈ পৰে।

জানিব পৰা মতে, নৱীনৰ এগৰাকী প্ৰেমিকা আছিল, সেই প্ৰেমিকাগৰাকীয়ে আত্মহত্যাৰ ভয় দেখুওৱাত নৱীনে প্ৰেমিকাগৰাকীক লৈ পলাই যায়।

ইফালে, সিন্ধুৰ ঘৰতো বিবাহৰ কাৰ্যসূচী পূৰাদমে চলি আছে। সিন্ধুৱে কইনা সাজি মণ্ডপত দৰাৰ বাবে অপেক্ষা কৰি আছিল।

কিন্তু যেতিয়া গম পালে দৰা পলাই গ’ল তেতিয়া সিন্ধুৰ ঘৰত হাহাকাৰ লাগে।

সেই সময়তে বিয়াঘৰত অতিথি ৰূপত অহা চন্দ্ৰপ্পা নামৰ এজন যুৱক সিন্ধুক বিয়া পাতিবলৈ আগবাঢ়ি আহে।

অৱশেষত দুয়ো পৰিয়ালৰ উপস্থিতিতে বিবাহখন সফলতাৰে সম্পন্ন হৈ যায়।

জন্ম, মৃত্যু আৰু বিবাহ যে ভাগ্যৰ খেল, সেই কথা পুনৰবাৰ প্ৰমাণিত কৰে এই ঘটনাই।

লগতে চাওকঃ

এটা মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰালে এজন যুৱকে! ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰও

গােৱালপাৰাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা, মহিলাসহ আহত ৬

চৌদিশে বৰফ! অসুস্থ বৃদ্ধাক কান্ধত তুলি লৈ ৮ কিমি নিলগৰ চিকিৎসালয়লৈ নিলে ভাৰতীয় সেনাৰ জােৱানে

দুই কন্যা সন্তান সহ প্ৰাক্তন সেনা জোৱানৰ পত্নী নিৰুদ্দেশ!