ভাগিনীয়েকৰ জন্মদিনলৈ গৈ উভতি নাহিল গকুল, পথ দুৰ্ঘটনাত অকালতে হেৰুৱালে প্ৰাণ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ভাগিনীয়েকৰ জন্মদিন পালন কৰি ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী যুৱকে।

পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি ল’লে দুধনৈৰ গকুল বসুমতাৰীয়ে(২২)।

দুধনৈৰ নিকটৱৰ্তী বনবাসীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

নিজৰ AS 19P 3143  নম্বৰৰ KTM বাইকেৰে দুধনৈৰ উদয়পুৰৰ কুশধোৱা দেউলগুৰি গাঁৱৰ নিজৰ ঘৰলৈ গৈ থকাৰ সময়তে এখন ট্ৰাকৰ পিচফালে প্ৰচণ্ড খুন্দা মাৰে গকুলে৷

যাৰ ফলত থিতাতে মৃত্যুক আকোৱালি লয় গকুলে।

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ট্ৰাকখনত খুন্দা মৰা গকুলৰ বাইকখন চূৰ্ণ–বিচূৰ্ণ হৈ পৰাৰ উপৰিও বাইকখনৰ এটা অংশ চিগি সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে৷

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

দুধনৈ আৰক্ষীয়ে খবৰ লাভ কৰি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু ট্ৰাকখনো জব্দ কৰে৷

পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লোৱা গকুল বসুমতাৰী ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল।

Leave a Comment