
নিউজ ডেস্কঃ তেল ভৰাবলৈ ডিপ’ত সোমাইছিল এখন যাত্ৰাবাহী বাছ। তেল ভৰাই বাছখন ওলাই যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ গ’ল পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীসহ আন বহুতক।
উত্তৰ প্ৰদেশৰ বিজনৌৰৰ তেল ডিপ’ত সংঘটিত এই ভয়ংকৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
In UP's Bijnor, a UP roadways bus lost control and rammed into a filling station. Several injured, no casualties. pic.twitter.com/bhUDxrGkb4
— Piyush Rai (@Benarasiyaa) July 20, 2022
চিচি টিভি কেমেৰাত বন্দী হোৱা ঘটনাৰ এটা ভিডিঅ’ত দেখা পোৱা মতে, ব্যস্ত তেল ডিপ’টোৰ কৰ্মচাৰী সকল নিজ নিজ কৰ্মত ব্যস্ত হৈ আছে। এখন ব্যক্তিগত বাহন আৰু এখন বাণিজ্যিক বাহনে তেল ভৰাই আছে।
তেনেতে এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱায় পেট্ৰ’ল পাম্পত তেল ভৰাই থকা আন বাহনৰ লগতে কৰ্মচাৰীক মহতিয়াই নিয়ে।
অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত আন সকল লোকৰ প্ৰাণ ৰক্ষা পৰে যদিও আহত হয় একাধিক জন। আহত সকলক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হয়।