ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! লাইনচ্যুত হৈ যাত্ৰীৰ ওপৰত বাগৰি পৰিল মালবাহী ৰে’ল, নিহত দুজন…

এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

লাইনচ্যুত হৈ যাত্ৰীৰ ওপৰত বাগৰি পৰিল মালবাহী ৰে’ল।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজন লোক।

উৰিষ্যাৰ জাজপুৰৰ কোৰাই ৰে’ল ষ্টেচনত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, মালবাহী দ্ৰুতবেগী ৰে’লখন লাইনচ্যুত হৈ ডবাবোৰ প্লেটফৰ্মৰ অপেক্ষাগৃহ আৰু টিকট কাউণ্টাৰলৈকে চিটিকি পৰে।

ফলত ২ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোৰ ফলত ষ্টেচন ভৱনটোও ক্ষতিগ্ৰস্ত হয়।

জানিব পৰা মতে, পুৱা ৬:৪০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

কোৰেই ষ্টেচনৰ বালোৰ-ভুৱনেশ্বৰ ডিএমইউত উঠিবলৈ বহু যাত্ৰীয়ে অপেক্ষা কৰি আছিল তেনে সময়তে দ্ৰুতবেগী মালবাহী ৰে’লখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়।