
নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ।
সোমবাৰে কৰ্ণাটকৰ কালাবুৰাগীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে গৈ স্থানীয় হেলিপেডত অৱতৰণৰ সময়তে বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই যাত্ৰা কৰা হেলিকপ্টাৰখন।
হেলিপেড এলেকাত প্লাষ্টিকৰ টিৰ্পাল আৰু আৱৰ্জনা বিয়পি পৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কঢ়িয়াই অনা হেলিকপ্টাৰখন অৱতৰণৰ চেষ্টাৰ সময়ত এক জটিল পৰিস্থিতিৰ সন্মুখীন হয়।
অৱশ্যে পাইলটৰ তৎপৰতাৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে।
পিছত নিৰাপত্তাৰক্ষীয়ে অৱতৰণ এলেকা মুকলি কৰাৰ পিছতে হেলিকপ্টাৰখন নিৰাপদে অৱতৰণ কৰে।
উল্লেখযোগ্য যে ৰাজ্যখনত চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণ বিজেপিয়ে অনুষ্ঠিত কৰা জন সংকল্প যাত্ৰাত অংশগ্ৰহণৰ বাবে কালাবুৰাগীলৈ গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পা।