ভয়ংকৰ সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিল ৩ খন ট্ৰাক! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ চালকৰ…

নিউজ ডেস্কঃ ৰাজপথত তিনিখন ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষৰ পিছতে আটাইকেইখন ট্ৰাকৰ সংঘটিত হয় অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনিওখন ট্ৰাকৰ চালক কেইজনে।

বুধবাৰে নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ওড়িশাৰ ঝাৰছুগুড়া জিলাত।

জানিব পৰা মতে, ঝাৰছুগুড়া সদৰ থানাৰ সমীপৰ ৪৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

এটা টাৰ্ণিং ঘূৰিবলৈ লওতেই তিনিওখন ট্ৰাকৰ মাজত সংঘৰ্ষ ঘটে।

ইফালে সংঘৰ্ষৰ পিছতে জুইৰ সূত্ৰপাত ঘটে আটাই কেইখন ট্ৰাকত।

যাৰ ফলত ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ট্ৰাক চালক কেইজনৰ।

নিহত চালক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।