ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৬জন লোকৰ কৰুণ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ…

এক ভয়ংকৰ বিমান দুৰ্ঘটনা।

ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

এই বিমান দুৰ্ঘটনাত ১৬জন লোকৰ মৃত্যু হয়।

আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, মুঠ ২৩ জন যাত্ৰী লৈ উৰা মাৰিছিল বিমানখন।

জৰুৰীকালীন মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি ৰাছিয়ান বিমান L-410 Turbolet–এ তাতাৰস্তান গণৰাজ্যৰ ওপৰেৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল।

Leave a Comment