নিউজ ডেস্ক। ভয়ংকৰ বিমান দুৰ্ঘটনা।
যুদ্ধ বিমানৰ প্ৰদৰ্শনীৰ মাজতে মাজ আকাশত সংঘটিত হ’ল দুই বিমানৰ সংঘৰ্ষ।
এই সংঘৰ্ষৰ ফলত বিধ্বস্ত হৈ পৰে বিমান দুখন, লগতে থিতাতে মৃত্যু ঘটে কেবাজনাে লােকৰ।

জানিব পৰা মতে, শনিবাৰে আমেৰিকাৰ টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।

এয়াৰ শ্ব’ৰ মাজতে এটা বোয়িং বি-১৭ বোমাৰু আৰু এখন ক্ষুদ্ৰ বিমানৰ মাজত মাজ আকাশত সংঘৰ্ষ হয়, লগে লগে মাটিত পৰি ধ্বংস হয় বিমান দুখন।
OMG – two planes collided at ‘Wings Over Dallas’ air show today
— James T. Yoder (@JamesYoder) November 12, 2022
This is crazy
pic.twitter.com/CNRCCnIXF0
এই পৰ্যন্ত হতাহতত সবিশেষ তথ্য প্ৰকাশ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।
এই ঘটনাৰ শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হয়।