fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! বিধ্বংসী অগ্নিকাণ্ডই নিমিষতে বেঢ়িলে আৱাসিক অট্টালিকাৰ ৩টাকৈ মহলা, ১৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ সপ্তাহটোৰ ভিতৰতে দ্বিতীয়টো বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ’ল ঝাৰখণ্ডৰ ধনবাদত।

মঙলবাৰে সন্ধিয়া ধনবাদৰ এটা বহু মহলীয়া অট্টালিকাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত নিহত হয় ১৪ জনকৈ লোক।

এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে আন কুৰি জনৰো অধিক লোক।

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটা সকলৰ ভিতৰত ১০ গৰাকীয়েই মহিলা বুলি জানিব পৰা গৈছে।

অৱশ্যে মৃতদেহ সমূহ সম্পূৰ্ণৰূপে জ্বলি যোৱাত এতিয়াও চিনাক্তকৰণ সম্ভৱ হোৱা নাই।

জানিব পৰা মতে, আশীৰ্বাদ এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত সন্ধিয়া ৬ বজাত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে।

তাৰ পিছতে জুই লেলিহান শিখাই নিমিষতে বেঢ়ি ধৰে অট্টালিকাটোৰ তৃতীয় আৰু চতুৰ্থ মহলাও।

অগ্নিকাণ্ডৰ পিছত ঘটনাস্থলীত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ দীৰ্ঘসময় প্ৰচেষ্টা চলাই নিৰ্বাপন কৰে জুই।

ইফালে আহত সকলক উদ্ধাৰ কৰি বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি নিহতৰ পৰিয়ালক ২ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

উল্লেখ্য যে, একেটা সপ্তাহতে ধনবাদৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল এহাল চিকিৎসক দম্পতীসহ ৫ জনকৈ লোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!