নিউজ ডেস্কঃ পবিত্ৰ ৰমজান মাহত মক্কা দৰ্শনৰ বাবে যোৱাৰ সময়তে ভয়ংকৰ বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’লে ২০ গৰাকীকৈ হজ যাত্ৰীয়ে।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছৌদি আৰৱৰ দক্ষিণ প্ৰদেশ আছিৰত।
জানিব পৰা মতে, পবিত্ৰ চহৰ মক্কা দৰ্শনলৈ বাবে হজযাত্ৰীক কঢ়িয়াই নিয়া বাছখন সোমবাৰে এখন দলঙত দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বাছখনত জুইৰ সূত্ৰপাত ঘটে।
যাৰ ফলত বাছখনৰ ভিতৰত থকা ২০ গৰাকী হজযাত্ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।
ৰাজ্যখনৰ সংযুক্ত আল-এখবাৰিয়া চেনেলে প্ৰকাশ কৰা অনুসৰি, এই ভয়ংকৰ অগ্নিকাণ্ড ২০ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আন ২৯ জন আহত হৈছে।
নিহত হজযাত্ৰীসকলৰ মাজত কেইবাখনো দেশৰ নাগৰিকৰ লগতে ভাৰতৰো হজযাত্ৰী আছিল বুলি জানিব পৰা গৈছে।