অসম
ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই তিনি আৰোহীসহ দ’ খাৱৈত সোমাল বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই তিনি আৰোহীসহ দ’ খাৱৈত সোমাল বাহন।
বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীৰ বাৰাপেটা নেপালীবস্তীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷
দুৰ্ঘটনাগ্ৰস্ত বেলেন’ বাহন খনৰ নম্বৰ AS01 DZ 3002 ।
জানিব পৰা মতে, বাগসাৰ চুক্ৰুবাৰীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ আছিল বাহনখন ৷ তেনে সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা দ খাৱৈত সোমাই যায় বাহনখন৷

তাৰ পাছতেই খাৱৈটোত প্ৰায় সম্পূৰ্ণৰূপে ডুব যায় বাহনখন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনত থকা তিনি আৰোহী৷
অৱশেষত স্থানীয় লাৱদাংগুৰী আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় বাহনখন৷
এখন JCB বাহনেৰে টানি দ খাৱৈৰ পৰা উদ্ধাৰ কৰা বাহনখন লাৱদাংগুৰী আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে৷
লগতে চাওকঃ
কােটিপতি ইউটিউবাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযােগ যুৱতীৰ! এছপিৰ ওচৰত অভিযােগ দাখিল
