ভয়ংকৰ পথ দুৰ্ঘটনা! দুৰ্ঘটনাত পতিত ৪৮ খনকৈ বাহন, ৩০ জনতকৈ অধিক লোক আহত…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

একেলগে দুৰ্ঘটনাত পতিত হৈছে ৪৮ খনকৈ বাহন।

দুৰ্ঘটনাটোৰ ফলত আহত হৈছে ৩০ জনতকৈ অধিক লোক।

image 140
ভয়ংকৰ পথ দুৰ্ঘটনা! দুৰ্ঘটনাত পতিত ৪৮ খনকৈ বাহন, ৩০ জনতকৈ অধিক লোক আহত... 3

দেওবাৰে নিশা বাংগালোৰু-মুম্বাই ঘাইপথত পুনেৰ নাভালে ব্ৰীজ অঞ্চলৰ সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহটিয়াই নিয়ে বাহনকেইখন।

টেংকাৰখনৰ ব্ৰেক ফেইল হোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

image 141
ভয়ংকৰ পথ দুৰ্ঘটনা! দুৰ্ঘটনাত পতিত ৪৮ খনকৈ বাহন, ৩০ জনতকৈ অধিক লোক আহত... 4

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে দুৰ্ঘটনাত পতিত হোৱা লোক সকলৰ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।