অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! দহচকীয়া ট্রাকে মহটিয়াই নিলে বাইক, তিনি কিশোৰৰ অকাল মৃত্যু…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাকৰ খুন্দাত অকাল মৃত্যুক সাৱটি ল’লে তিনি কিশোৰে।

কার্বি আংলং জিলাৰ লাংহিনৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

এখন দহচকীয়া ট্ৰাকৰ খুন্দাত তিনিজন কিশোৰৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হয়।

জানিব পৰা মতে, লাংহিনৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ-০৯/এইচ-৬৫৮১ নম্বৰৰ মটৰ চাইকেলখনক বিপৰীত দিশৰ পৰা আহি থকা এ এছ–০৬/বি চি-৬৪৬৭ নম্বৰৰ দহচকীয়া ট্ৰাকখনে প্রচণ্ড জোৰেৰে খুন্দা মাৰে।

ট্রাকখনে মহটিয়াই নিয়াৰ ফলত মটৰ চাইকেলখনত থকা তিনিজন কিশোৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ছিন্ন ভিন্ন হৈ পৰে।

থিতাতে মৃত্যুমুখত পৰা কিশোৰ কেইজন হৈছে, ধেণ্টাঘাটৰ নয়ন দে (১৬), ঋত্বিক বসুমতাৰী (১৬) আৰু ৰাইদাউ বসুমতাৰী (১৬)।

Related Articles

Back to top button