অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত টেম্পো চালক, আহত তিনিজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

হোণ্ডাই আই-10 আৰু টেম্প’ৰ মাজত সংঘৰ্ষত নিহত হয় টেম্পো চালকজন।

কামৰূপ জিলাৰ বকোৰ চকাবাহাত দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনাটোৰ ফলত শিশু,মহিলা সহ আহত হয় আন তিনিজন।

নিহত চালকজনৰ নাম সিদ্ধাৰ্থ দাস (৪৫)।

নিহত সিদ্ধাৰ্থ দাসৰ ঘৰ বকোৰ কাহীবামাত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, তেল শেষ হোৱা বাবে ঠেলি অনা হৈছিল টেম্প’খন। তেনে সময়তে প্ৰচণ্ড খুন্দা মাৰে হোণ্ডাই বাহন খনে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই হোণ্ডাই বাহনখনৰ চালকে পলায়ন কৰে।

বাহনখনৰ পৰা মেঘালয় আৰক্ষীৰ পোছাক আৰু পৰিচয় পত্ৰ উদ্ধাৰ হৈছে।

নথি মতে চেংচেং আৰ মাৰাক নামৰ লোকজনে সংঘটিত কৰে দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত টেম্পʼখনৰ নম্বৰ হৈছে AS01 AC 9023।

আনহাতে, হোণ্ডাই বাহনখনৰ নম্বৰ প্লেট বিহীন।

Related Articles

Back to top button