ৰাষ্ট্ৰীয়
ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত পতি-পত্নীসহ প্ৰাণ হেৰুৱালে তিনি জনকৈ লোকে…

এক শোকাৱহ পথ দুৰ্ঘটনা।
ট্ৰাকৰ খুন্দাত পতি-পত্নীসহ প্ৰাণ হেৰুৱালে তিনি জনকৈ লোকে।
উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ নন্দগঞ্জ আৰক্ষী থানা এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
গাজীপুৰ জিলাৰ নন্দগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত দেৱকলি পেট্ৰ’ল পাম্পৰ সন্মুখৰ চাৰি লেনযুক্ত পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।।
জানিব পৰা মতে, দেওবাৰে পুৱতি নিশা বিহাৰৰ পৰিয়ালটোৱে যেতিয়া তেওঁলোকৰ বাহনখন দেৱকলি পেট্ৰ’ল পাম্পৰ সন্মুখত পাৰ হৈ গৈ আছিল সেই সময়তে পিছফালৰ পৰা অহা এখন অচিনাক্ত ট্ৰাকে গাড়ীখনত খুন্দা মাৰে।
যাৰ ফলত নীৰজ কুমাৰ (৪৫), তেওঁৰ পত্নী মনি (৪১) আৰু তেওঁলোকৰ বন্ধু আলোক কুমাৰ (৪৪) নিহত হয়।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।