অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৫ জনকৈ লোক…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু হুণ্ডাই অ’ৰা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৫ জনকৈ লোক।

কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত পাঁচজন ক্ৰমে, বোকাখাটৰ বিবেক দাস, সঞ্জয় দাস, সমীৰ পাল, সন্দীপ পাল আৰু বিকাশ শৰ্মা।

দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই অ’ৰা বাহনখনৰ নম্বৰ AS 05Q 2683।

বোকাখাটৰ পৰা তেজপুৰ অভিমুখী আছিল হুণ্ডাই অ’ৰা বাহনখন।

আনহাতে দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাকখনৰ নম্বৰ UP 37 AT 2766।

ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ চালক-হেণ্ডিমেন।

Related Articles

Back to top button