ভয়ংকৰ! নাও লৈ নৈৰ সিপাৰে বগৰী খাবলৈ গৈ বেঁকীত বুৰ গ’ল ৮ যুৱক, এজন সন্ধানহীন…

নিউজ ডেস্কঃ বাক্সা জিলাৰ শালবাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।

নাওৰে বগৰী খাবলৈ গৈ বেঁকী নৈত ডুব গ’ল ৮ জনকৈ যুৱক।

শালবাৰীৰ খাগ্ৰাবাৰীত সংঘটিত হয় এই নাও দুৰ্ঘটনা।

ইতিমধ্যে নৈৰ বুকুৰ পৰা ৭ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন আন এজন যুৱক।

জানিব পৰা মতে, নাও লৈ নৈৰ সিপাৰে বগৰী খাবলৈ গৈছিল যুৱক কেইজনে।

কিন্তু মাজ নদীতে বুৰ যায় তেওঁলোকৰ টুলুঙা নাওখন।

নাও দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা যুৱকজনৰ ঘৰ বাক্সাৰ মইনামাতাৰ শিজৌ খেৰকাটাৰীত বুলি জানিব পৰা গৈছে।

বৰ্তমান যুৱকজনৰ সন্দৰ্ভত বেঁকী নৈত সন্ধান অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ আৰু আৰক্ষীয়ে।