ভয়ংকৰ নাও দুৰ্ঘটনা! যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাৰ ফলত কেইবাটাও গৰু সন্ধানহীন…

এক ভয়ংকৰ নাও দুৰ্ঘটনা।

নিশাৰ এন্ধাৰত গৰৈমাৰীত সংঘটিত হৈছে নাও দুৰ্ঘটনাটো।

আলিকাষ পাৰ ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাত সংঘটিত এই দুৰ্ঘটনা।

কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আছিল নাওখন।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে নাওখনত ২২ টা গৰু আৰু কেইবাজনো লোক আছিল।

বৰ্তমানলৈকে কোনো যাত্ৰী হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।

অৱশ্য নাওখনত থকা কেইবাটাও গৰু অদ্যপি সন্ধানহীন।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱা নাওখন উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷