অসম

ভয়ংকৰ নাও দুৰ্ঘটনা! ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও, ৰাজহ চক্ৰ বিষয়াসহ বহু লোক সন্ধানহীন…

ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা।

ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও। কোবাল সোঁতত নিয়ন্ত্রণ হেৰুৱাই ডুব যায় নাওখন।

নাওখনত আছিল বহুকেইজন যাত্ৰী। লগতে নাওখনত আছিল চৰকাৰী বিষয়া।

নাওখনত থকা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসো সন্ধানহীন বুলি জানিব পৰা গৈছে।

চৰজমিন অনুসন্ধানৰ বাবে ধুবুৰীলৈ গৈছিল বিষয়া-কৰ্মচাৰীৰ দলটো।

জানিব পৰা মতে, ১০০ৰো অধিক যাত্রী আছিল নাওখনত।

ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ তৎপৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

এতিয়াও পানীৰ তলতে আছে দুৰ্ঘটনাগ্রস্ত নাওখন।

Related Articles

Back to top button