ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থোৱা বলেৰ’ত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ, দুই ভাতৃৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰখাই থোৱা বলেৰ’ পিক আপ বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুই ভাতৃ। আহাতে গুৰুতৰভাৱে আহত এগৰাকী কিশোৰী।

শুকুৰবাৰে সন্ধিয়া বোকাজানৰ বালিপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এখন তীব্ৰ বেগী বাইকে ৰৈ থকা বলেৰ’ পিক আপত খুন্দা মৰাৰ ফলত বাইকত থকা দুজন যুৱকৰ থিতাতে মৃত্যু হয়।

আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

বাইক আৰোহী কেইজনৰ বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই।

অৱশ্যে লাভ কৰা তথ্য অনুসৰি বাইকত থকা তিনিওগৰাকী সম্পৰ্কত ভাতৃ-ভগ্নী।

দুৰ্ঘটনা সংঘটিত হোৱা বলেৰ’ পিক আপখনৰ নম্বৰ এ এছ ১৬ এ চি ০৯৮৬ আৰু বাইকখনৰ নম্বৰ হৈছে এ এছ ০৯ জি ৭২৩২।

ইফালে ঘটনাস্থলত স্থানীয় আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।