ভয়ংকৰ দুৰ্ঘটনা! ৰখাই থোৱা ই-ৰিক্সাত খুন্দিয়াই খাৱৈত পৰিল ৱাগনাৰ বাহন, শিশুসহ আহত ৪

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰখাই থোৱা ই-ৰিক্সাত খুন্দিয়াই খাৱৈত পৰিল ৱাগনাৰ বাহন, শিশুসহ আহত ৪।

বৰক্ষেত্ৰীত চাউলখোৱাৰ দলঙৰ ওপৰত ৰখাই থোৱা ই-ৰিক্সা আৰু দুচকীয়া বাহনক এখন চাৰিচকীয়া বাহনে খুন্দিওৱাৰ ফলত এই ভয়াৱহ দুর্ঘটনা সংঘটিত হয়।

মুকালমুৱা জাগৰা নলবাৰী পথেৰে নলবাৰী অভিমুখে গৈ থকা এএছ ০১ এফকে ০২৩৩ ৱাগনাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই চাউলখোৱাত দলঙৰ ওপৰত ৰখাই থোৱা ই-ৰিক্সা আৰু বাইক এখনক খুন্দিয়ায়।

প্রচণ্ড বেগে ই-ৰিক্সাখনত খুন্দিওৱাৰ ফলত চালকসহ ৰৈ থকা ই-ৰিক্সাখন পৰি যোৱাত ই-ৰিক্সা চালক তয়বুৰ ৰহমান (৩৫) আৰু চাৰিচকীয়া বাহনখনৰ চালক ৰিজৱান আলী (৩০) আহত হয়।

ইপিনে দুর্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনখন ৰাস্তাৰ পৰা বাগৰি চাউলখোৱা যানৰ পানীত সোমাই পৰে।

অৱশ্যে চাৰিচকীয়া বাহনখনৰ চালকজন কিছু পৰিমাণে আঘাতপ্রাপ্ত হ’লেও শিশুসহ আন চাৰিজন লোকক স্থানীয় লোকে সুকলমে গাড়ীখনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

স্থানীয় লোকে ই-ৰিক্সা চালক তৈবুৰ ৰহমান আৰু চাৰিচকীয়া বাহনখনৰ চালকজনক ততাতৈয়াকৈ মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মুকালমুৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ই-ৰিক্সা চালক তয়বুৰ ৰহমানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।