fbpx
অসম

ভয়ংকৰ দুৰ্ঘটনা! বাছ আৰু বিবাহযাত্ৰীৰ বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাছ আৰু বিবাহযাত্ৰীৰ বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত দুজন।

চাপৰৰ হাতীপোতাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনাটোৰ ফলত আহত হৈছে আন ৫ গৰাকীকৈ লোক।

জানিব পৰা মতে এখন বিবাহযাত্ৰী কঢ়িয়াই অনা বলেৰ’ বাহন আৰু এখন বাছৰ মুখামুখী সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত দুজন ক্ৰমে- ৰেকিব আহমেদ আৰু তানিসা ইয়াছমিন।

বাছৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱা বিবাহযাত্ৰী বাহনখন কৃষ্ণাইৰ পৰা ধুবুৰী অভিমুখী আছিল।

দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS01 FC4517 আৰু বলেৰ’ বাহনখনৰ নম্বৰ AS18 E 7037

Related Articles

Back to top button