অসম

ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা নৈত বাগৰিল বনভোজ খাবলৈ যোৱা দলৰ বাহন, প্ৰাণ হেৰুৱালে ৰাজীৱে…

এক ভয়ংকৰ দুৰ্ঘটনা।

পাহাৰৰ পৰা নৈত বাগৰিল বনভোজ খাবলৈ যোৱা দলৰ বাহন, এজনৰ মৃত্যু।

গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

পাহাৰৰ ওপৰৰ পৰা বশিষ্ঠ নৈত বনভোজ দলৰ এখন চাৰিচকীয়া বাহন বাগৰি পৰাত এজন বিবাহিত যুৱকে থিতাতে প্ৰাণ হেৰুৱায়।

লগতে দুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা আন পাঁচজন আৰোহী গুৰুতৰভাৱে আহত হৈছে।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে গাড়ীখনৰ পৰা আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ৰাজীৱ বৰুৱা (২৮) নামৰ যুৱকক মৃত ঘোষণা কৰে।

গুৱাহাটীৰ বেলতলাৰ মহাগাণনিকৰ কাৰ্যালয়ৰ কৰ্মচাৰী মৃত ৰাজীৱ বৰুৱাৰ ঘৰ শিৱসাগৰত।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ক্ৰমে, নিহত ৰাজীৱৰ পত্নী অংকিতা বৰকটকী, জিতুল ডেকা, মৌচম বৰা, মলয় দত্ত আৰু অপূৰ্ব দাস।

জানিব পৰা মতে, এ এছ-০১ ই টি-৯৯৭২ নম্বৰৰ গাড়ীখনেৰে তেওঁলোকে বশিষ্ঠ মন্দিৰৰ দাঁতিৰে মেঘালয়ৰ অৰুণগিৰিত বনভোজ খাবলৈ গৈছিল। বনভোজ খাই পাহাৰীয়া পথেৰে উভতি আহোতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বহু উচ্চতাৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰে।

প্ৰচণ্ড শব্দ কৰি গাড়ীখন নৈত পৰাৰ পিচতে স্থানীয় ৰাইজে গাড়ীখনৰ পৰা আৰোহীসকলক উদ্ধাৰ কৰি তিনিখন এম্বুলেন্সেৰে প্ৰথমে বশিষ্ঠৰ আর্মি হাস্পতাললৈ প্ৰেৰণ কৰিছিল। কিন্তু আর্মি হাস্পতাল কর্তৃপক্ষই তেওঁলোকক আন হাস্পতাললৈ ‘ৰেফাৰ’ কৰে।

দুৰ্ঘটনাটোত আহত পাঁচ আৰোহী সম্প্ৰতি মহানগৰীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত চিকিৎসাধীন বুলি জনা গৈছে।

Related Articles

Back to top button