অসম

ভয়ংকৰ দুৰ্ঘটনা! পাহাৰৰ পৰা ১০০ মিটাৰ তলত পৰিল বনভোজ দলৰ বাহন, দুজনৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ দুৰ্ঘটনা।

পাহাৰৰ পৰা ১০০ মিটাৰ তলত পৰিল বনভোজ দলৰ বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী লোকে।

কৰিমগঞ্জৰ ৰাতাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ১৩ জনকৈ লোক।

ছাতাচূড়া পাহাৰৰ গাৰদত সংঘটিত এই ভয়ানক দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত হোৱা টাটা মেজিকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 11CC 3256

জানিব পৰা মতে, শনিবাৰৰ বিযলি তিনিমান বজাত পাহাৰৰ পৰা তললৈ নামি অহাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন‌ এশ মিটাৰ তলত গৈ‌ এখন তামোল বাগানত পৰে।

দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা দুজনৰ এজনক হাইলাকান্দি জিলাৰ কাটলিছড়া সমষ্টিৰ লতাকান্দি গাঁৱৰ ১৬ বছৰীয়া বছৰীয়া আফতাৰ হুছেইন আৰু আনজনক একেখন জিলাৰে কাটলিছড়াৰ ২৫ বছৰীয়া বিশ্বজিৎ লোহাৰ বুলি চিনাক্ত কৰা হৈছে।

মৃত্যু হোৱা বিশ্বজিৎ লোহাৰ হাইলাকান্দি জিলাৰ কাটলিছড়া এলাকাৰ এজন উদীয়মান সঙ্গীত শিল্পী আছিল। তবলা বাদক হিচাপে হাইলাকান্দি জিলাৰ সাংস্কৃতিক জগতত সুনাম আছিল লোহাৰৰ।

ইফালে স্থানীয় ৰাইজে আহত লোকসকলক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলকৰ মাজত পাঁচজনৰ অৱস্থা সংকটজনক।

Related Articles

Back to top button