অসম
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ, থিতাতে নিহত ৫ জন…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰিল তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে বাহন খনত থকা ৫ গৰাকীকৈ লোক।
নিশা প্ৰায় ১ মান বজাত শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নিহত আকাশদ্বীপ বৰা, কেশৱ পটংগীয়া, দ্বীপেন বৰা, বিদ্যুৎ নাথ আৰু লিকু শইকীয়া।
নিহত পাঁচজনৰ ভিতৰত দুজন তেজপুৰ গটঙাৰ দ্বীপেন বৰা আৰু বেছেৰীয়াৰ বিদ্যুৎ নাথ বুলি চিনাক্ত কৰা হৈছে।
বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে- AS 12R 2115।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।