ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ মটৰচাইকেলত খুন্দা বাহনৰ, থিতাতে নিহত দুগৰাকী ছাত্ৰী

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ মটৰচাইকেলত খুন্দা তীব্ৰবেগী বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত দুগৰাকী ছাত্ৰী থিতাতে নিহত হোৱাৰ লগতে ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে।

সৰস্বতী পূজাৰ দিনাই ধুবুৰীৰ ৰাজবাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখি এখন আৰতিগা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ দুখনকৈ মটৰচাইকেল আৰু এখন ট্ৰাকত খুন্দিয়াই। ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত ছাত্ৰী দুগৰাকীৰ নাম নিৰ্মালী ৰায় (১৬) আৰু শিৱাংগী ৰায় (১৪) আৰু ঘৰ গৌৰীপুৰৰ শৰৎৰায় লেনত বুলি জানিব পৰা গৈছে।

আনহাতে, আহতসকলৰ ভিতৰত আছে ৰিয়াত হুছেইন, জাহিদুল হক, ৰিয়া সাহা, জেনিফাৰ ইয়াছমিন আৰু মইদুল ইছলাম।

আহত আটাইকেইজনৰে অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে।

আহত ৫ জনৰ ভিতৰত ৩ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

ৰাজপথৰ কাষত অবৈধভাৱে পাৰ্কিং কৰি ৰখা ট্ৰাকৰ বাবেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে দাবী কৰিছে।

দুৰ্ঘটনা সংঘটিত কৰা আৰতিগা বাহনখনৰ নম্বৰ AS 17J 4224।