অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা বাহনৰ, গুৰুতৰভাৱে আহত চালক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ চালকজন।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আহত চালকজন মৰাণৰ দিখাৰী আহোম গাঁৱৰ হিতেশ্বৰ বৰুৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে এ এছ ০১ জি ৫০৪২ ।

বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

Related Articles

Back to top button