ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুাৱই ৰাজপথৰ পৰা দ’ খাৱৈত পৰিল বাহন, মহিলাসহ ৫জনৰ মৃত্যু..

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুাৱই ৰাজপথৰ পৰা দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাহন।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃ্ত্যুক আকোৱালি লয় ৫ জনকৈ লোকে।

শুকুৰবাৰে সন্ধিয়া উত্তৰাখণ্ড চামোলীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পিছত শনিবাৰে পুৱা পুনৰ আন এটা দুৰ্ঘটনা সংঘটিত হয় ৰাজ্যখনত।

এইবাৰ যমুনোত্ৰী ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, শনিবাৰে পুৱা যমুনোত্ৰী ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাহন তিনিশ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। যাৰ ফলত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পিছতে আৰক্ষী প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়।

জানিব পৰা মতে, বাহনখনত তিনিগৰাকী মহিলা আৰু তিনিজন পুৰুষ আছিল।

আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, শুক্ৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাত এখন বাহন খাৱৈত পৰি ১২ জন লোকৰ মৃত্যু হৈছিল।