ভয়ংকৰ দুৰ্ঘটনা! নিচাসক্ত যুৱকে মহতিয়াই নিলে তিনি পথচাৰীক, শিশু-মহিলাসহ আহত তিনিজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা নিচাসক্ত যুৱকে মহতিয়াই নিলে তিনি পথচাৰীক। এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপত।

দক্ষিণ কামৰূপৰ সোণতলীৰ ছমৰীয়াপামত নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা।

চাৰিচকীয়া বাহনৰ খুন্দাত শিশু-মহিলাসহ তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে।

সংকটজনত অৱস্থাত তিনিওঁকে নিশাই ভৰ্তি কৰোৱা হয় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

জানিব পৰা মতে, ছমৰীয়াপামৰ পথৰ দাঁতিত থিয় হৈ থকা অৱস্থাতে তিনিজনকৈ লোকক এ এছ-১৪ এফ-২১৩৩ নম্বৰৰ দ্ৰুতবেগী মাৰুতি খনে প্ৰচণ্ড গতিত খুন্দা মাৰে।

ফলত ছমৰীয়াপামৰ আব্দুছ ছাত্তাৰৰ পত্নী আমিনা খাতুন (৩২), আজাদ নুৰুল আমিন (২৫) আৰু জুৱাইৰ ইছলাম (৫) গুৰুতৰভাৱে আহত হয়।

আহত তিনিওজনকে ততাতৈয়াকৈ নিশাই সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়।

ইফালে দূৰ্ঘটনা সংঘটিত কৰা মাৰুতি গাড়ীখন জব্দ কৰিছে সোণতলী আৰক্ষীয়ে।

জানিব পৰা অনুসৰি গাঞ্জা সেৱন কৰি মাতাল অৱস্থাত গাড়ী চলাই আছিল মাৰুতিৰ চালকগৰাকীয়ে।