ভয়ংকৰ দুৰ্ঘটনা! দ’ খাৱৈত পৰিল শিৱৰাত্ৰি উপলক্ষে মন্দিৰলৈ ভক্ত কঢ়িয়াই নিয়া বাহন, থিতাতে নিহত ২

শিৱৰাত্ৰী পূজাৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দ’ খাৱৈত পৰিল শিৱৰাত্ৰি উপলক্ষে মন্দিৰলৈ ভক্তক কঢ়িয়াই নিয়া বাহন।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুগৰাকী লোক, গুৰুতৰভাৱে আহত কেইবাজনো।

জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, ৰিয়াচি জিলাৰ ৰাজৌৰী চহৰৰ পৰা শিৱ খোৰী মন্দিৰলৈ ভক্তক কঢ়িয়াই নিয়া এখন বাছ ৰাস্তাৰ পৰা বাগৰি গৈ এটা খাৱৈত পৰি যায়। দুৰ্ঘটনাটো ৰানচু অঞ্চলৰ তৰায়াথত দুপৰিয়া প্ৰায় ১২.৩০ বজাত সংঘটিত হয়।চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাছখনে মূল পথৰ পৰা বাগৰি গৈ এটা দ’ খাৱৈত পৰে।

দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু এটি ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে ১৯ জনকৈ লোক।