অসমঅসমীয়া

ভয়ংকৰ দুৰ্ঘটনা! দুৰ্ঘটনাৰ পিছত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা।

মালবাহী ট্ৰাক-ডাম্পাৰৰ সংঘৰ্ষৰ পিছত অগ্নিদগ্ধ হৈ মৃত্যু দুজন চালকৰ।

কামৰূপ জিলাৰ বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শােকাৱহ পথ দুৰ্ঘটনা।

বকোৰ বীৰপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

মৃত চালক দুজন মনোজ দাস আৰু ভদ্ৰেশ্বৰ পাটগিৰি বুলি চিনাক্ত কৰা হৈছে।

নিহত মনােজ দাসৰ ঘৰ বকোৰ বামুনিগাওঁ আৰু ভদ্ৰেশ্বৰ পাটগীৰিৰ ঘৰ গোৱালপাৰাৰ দুধনৈত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঘাইপথৰ দাঁতিত ৰৈ আছিল ট্ৰাকখন।

দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে তিনিওখন বাহন লগতে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানো ভষ্মীভূত হয়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাত পতিত ট্ৰাকখন AS01JC3904 আৰু ডাম্পাৰ দুখন হৈছে AS01 NC9882, AS25 EC1877 ।

Related Articles

Back to top button