অসম
ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী…

এক শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী।
শিৱসাগৰ জিলাৰ আমগুৰিত নিশা সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন মটৰ চাইকেল আৰোহী।
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো।
মটৰ চাইকেলখন লৈ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকাৰ সময়তে পাছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে আৰু থিতাতে নিহত হয় বাইক আৰোহীজন।
নিহত বাইক আৰোহীজন ১নং চিন্তামনিগড়ৰ মহব্বত আলি বুলি চিনাক্ত কৰা হৈছে।