ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এল্টো বাহন, থিতাতে নিহত এজন, আহত ২

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এল্টো বাহন।

দুৰ্ঘটনাটোৰ ফলত এল্টো বাহনখনত থকা এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে দুজন লোক।

দক্ষিণ কামৰূপৰ বৰ তেজপুৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, ছয়গাঁৱৰ দিশৰ পৰা গুৱাহাটীৰ সমীপৱৰ্তী ৰাণী অভিমুখে আহি থকা এ এছ ০১ ই ইউ ৩০২৩ নম্বৰৰ এল্টোখনত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰ এখনে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে।

বিজয়নগৰ আৰক্ষী উপস্থিত হৈ আহত দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত পতিত হোৱা লোক কেইজন ৰাণীৰ বুলি জানিব পৰা গৈছে।