ভয়ংকৰ দুৰ্ঘটনা! ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষ হৈ পথৰ ওপৰতে বাগৰি পৰিল স্কুল বাছ, আহত ২গৰাকী ছাত্ৰী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষ হৈ পথৰ ওপৰতে বাগৰি পৰিল স্কুল বাছ।

বোকাখাতৰ কমাৰগাঁৱৰ বৰপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

দুৰ্ঘটনাটোৰ ফলত আহত হয় দুগৰাকীকৈ ছাত্ৰী।

ট্ৰেক্টৰৰ দৌৰাত্ম্যৰ বাবেই দুৰ্ঘটনাটো হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

জানিব পৰা মতে, বোকাখাতৰ আৰোহন একাডেমি নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী অনা এখন বাছ কমাৰগাঁৱৰ গৰিয়া বৰপথাৰৰ পৰা বোকাখাত অভিমুখে গৈ আছিল৷

পিছত বৰপথাৰ মহুৰামুখ সংযোগী পথত বিপৰীত দিশৰ পৰা এখন ট্ৰেক্টৰ তীব্ৰবেগেৰে অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথৰ ওপৰতে বাগৰি পৰে।

ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে তীব্ৰবেগী টেক্টৰখনৰ চালক জনকো আতক কৰে আৰক্ষীয়ে।