ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত গৰ্ভৱতী মহিলাসহ চাৰিজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত গৰ্ভৱতী মহিলাসহ চাৰিজনৰ মৃত্যু।

মধ্যপ্ৰদেশৰ বেতুল জিলাত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।

আৰক্ষীয়ে মৃতদেহসমূহ স্থানীয় চিকিৎসালয়ৰ মৰ্গত ৰাখিছে আৰু তাতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে যদিও কৰ্মচাৰীসকলে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নিশা মুলতাইৰ সমীপৰ বেতুল-নাগপুৰ চাৰিলেনযুক্ত পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ভুল দিশৰ পৰা অহা এখন ট্ৰাকে চাৰিচকীয়া বাহনখনত প্ৰচণ্ড জোৰত খুন্দিয়াই।

চাৰিচকীয়া বাহনখনত দুগৰাকী মহিলা আৰু দুজন পুৰুষ আছিল।

ইয়াৰে মহিলা দুগৰাকী আৰু এজন পুৰুষৰ ঘটনাস্থলতে মৃত্যু হয়।