ভয়ংকৰ! দুখন যাত্ৰীবাহী আল্ট্ৰা বাছৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত ১৫ যাত্ৰী…

নিউজ ডেস্কঃ চাবুৱাৰ এয়াৰ ফ’ৰ্চৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।

দুখন যাত্ৰীবাহী আল্ট্ৰাৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত ১৫ জনকৈ যাত্ৰী।

চাবুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এএছ ২২চি ৪৪১১ নম্বৰৰ আল্ট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা খুন্দা মাৰে এএছ ০৬বিচি ১৮৩৩ নম্বৰৰ আন এখন আল্ট্ৰাত।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি টাটা হাস্পতাল আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।