ভয়ংকৰ! দলঙৰ পৰা নৈত বাগৰি পৰিল ট্ৰেক্টৰ, কমেও ১১ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেক্টৰ ট্ৰলী দলঙৰ পৰা বাগৰি নৈত পৰাত মৃত্যুক সাৱটি লয় ট্ৰেক্টৰখনত থকা কমেও ১১ জনকৈ লোকে।

শনিবাৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত।

আৰক্ষীয়ে জনোৱা মতে, নিহত সকলৰ ভিতৰত আছে দুগৰাকী মহিলা, এজন পুৰুষ আৰু ৮টি শিশু।

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ২৯ জনো।

আহত সকলক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰেক্টৰ ট্ৰলীখনে লোক সকলক কঢ়িয়াই আহি থকা সময়তে তিলহাৰৰ বীৰসিংপুৰ গাঁৱৰ এখন দলঙৰ পৰা গৰা নৈত বাগৰি পৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।