ভয়ংকৰ ঘটনা, হঠাতে মাজতে ভাগি পৰিল দিচাং নদীৰ পকী দলং…

দেওবাৰে পুৱাই শিৱসাগৰৰ নঙলামৰাত ঘটিল এক অঘটন।

ভাগি পৰিল চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ পকী দলং।

কথমপি ৰক্ষা পৰিল চালকসহ শিল ভৰ্তি ডাম্পাৰ। 

শিৱসাগৰৰ নাজিৰা, চৰাইদেউ, মাহমৰা, থাওৰা সমষ্টিৰ ৰাইজৰ বাবে এটা ব্যস্ততাপূৰ্ণ পথ হ’ল চেপন-চূণপোৰা পথ।

থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত দুৰ্গেশ্বৰ শইকীয়াৰ দিনতেই চেপন-চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰত ১৯৭২ চনৰ পৰা দলংখন নিৰ্মাণ কৰি ১৯৭৭চনৰ ভিতৰত যাতায়তৰ উপযোগী কৰা  হৈছিল।

1642321424n1qOR8bR

৪৫টা বছৰ গৰকা এই পকী দলংখনত ফাঁট মেলাৰ লগতে গাঁতৰ সৃষ্টি হৈছিল।

দেওবাৰে পুৱাই দিচাং নৈৰ এই পকী দলংখন ভাগি পৰাত এতিয়া শ শ লোকৰ যাতায়ত বন্ধ হৈ পৰাৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰাত বাধাৰ সৃষ্টি হৈছে।

দেওবাৰে পুৱা ৮-৪০বজাত চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ দলঙৰ ওপৰৰে এখন শিল ভৰ্তি ডাম্পাৰ গৈ থকা অৱস্থাত ভাঙি পৰে দলং খন। 

ইতিমধ্যে, ঘটনাস্থলীত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘা নিধি দাহাল,নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে নাৱৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে।

Leave a Comment