অসম

ভয়ংকৰ ঘটনা! ইটাভাটাৰ চিমনী ভাগি শিশুসহ চাৰিজনৰ মৃত্যু…

এক ভয়ংকৰ ঘটনা! ইটাভাটাৰ চিমনী ভাগি শিশুসহ চাৰিজনৰ মৃত্যু।

কাছাৰৰ কালাইনৰ লক্ষীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

ইটাভাটাৰ চিমনী ভাগি পৰাৰ ফলত শিশুসহ বৰ্তমানলৈ মৃত্যু মুখত পৰিছে চাৰিজনকৈ লোক।

মৃত দুজনৰ নাম চুনিল পাচওয়ান আৰু মেদনি পাচওয়ান বুলি জানিব পৰা গৈছে। দুয়োজন সম্পৰ্কত পিতা-পুত্ৰ।

আনহাতে এই ঘটনাৰ ফলত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে ভগা চিমনীৰ তলত আন কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

SABI নামৰ ইটাভাটাত সংঘটিত এই ভয়ংকৰ ঘটনা।

ইটা নিৰ্মাণৰ বাবে চিমনীত জুই দিয়াৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আহতসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Back to top button